শিক্ষক দিৱস অৰ্থাৎ ৫ ছেপ্টেম্বৰ দিনটোৰ তাৎপৰ্য
৫ ছেপ্টেম্বৰ দিনটো হল মহান দাৰ্শনিক, শিক্ষাবিদ, ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন। সমগ্র বিশ্বত দাৰ্শনিক হিচাপ প্ৰসিদ্ধি লাভ কৰা ভাৰতীয় দাৰ্শনিক ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰ তাৰিখে মাদ্ৰাজৰ তিৰুটানি নামৰ চহৰত জন্ম হৈছিল। বাল্য কালৰে পৰা অসাধাৰণ প্ৰতিভাৰ পৰিচয় দিয়া ৰাধাকৃষ্ণনে তেওঁৰ স্কুলীয়া শিক্ষাৰ পৰিসমাপ্তিৰ পিছত মাদ্ৰাজ খ্ৰীষ্টীয়ান কলেজৰ পৰা সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰে। এম.এ. পাছ কৰি দৰ্শন বিষয়ত শিক্ষক হিচাপে কৰ্ম জীৱনৰ পাতনি মেলে।
ড° ৰাধাকৃষ্ণন দেৱ যেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ আছিল, তেতিয়া ৫ ছেপ্টেম্বৰৰ দিনাখন তেওঁৰ জন্মদিন পালনৰ বাবে কিছু ছাত্ৰ-ছাত্ৰীয়ে তেওঁৰ পৰা অনুমতি বিচাৰিছিল। তেতিয়া ৰাধাকৃষণে ছাত্ৰ ছাত্ৰী সকলক কৈছিল যে তেওঁৰ জন্মদিন পালন কৰিব বিচৰাটো তেওঁৰ বাবে গৌৰৱৰ বিষয় কিন্ত এই দিনটো তেওঁৰ জন্মদিন হিচাপে পালন নকৰি শিক্ষক দিৱস হিচাপে পালন কৰিলে তেওঁ অধিক আনন্দিত হব।লগতে তেওঁ শিক্ষক সকলক দেশৰ আটাইতকৈ শ্ৰেষ্ঠ বুলি অভিহিত কৰিছিল। তেতিয়াৰ পৰা প্ৰতি বছৰে ৫ ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। ১৯৬২ চনত পোন প্ৰথমবাৰৰ বাবে এই দিনটোত শিক্ষক দিৱস পালন কৰা হৈছিল।
ৰাধাকৃষ্ণনৰ মতে ,"শিক্ষক এডাল মমবাতিৰ দৰে,যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে" । তেওঁ বিশ্বাস কৰিছিল যে মানৱ সভ্যতাৰ বিকাশৰ বাবে শিক্ষাতকৈ শ্ৰেষ্ঠ আন একো হব নোৱাৰে। সেয়েহে শিক্ষাক জীৱনত আটাইতকৈ বেছি প্ৰাধান্য দিছে। আমি ৫ ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰাৰ মূল তাৎপৰ্য হৈছে শিক্ষক আৰু ছাত্ৰৰ মাজত মণিকাঞ্চন সংযোগৰ যি পবিত্ৰ অর্থ তাক ফুটাই তোলা।
ড° ৰাধাকৃষ্ণণ দেৱৰ জন্ম দিনটো শিক্ষক দিৱস হিচাপে পালন কৰাৰ যি পৰম্পৰা আমাৰ মাজত চলি আহিছে তাৰ জৰিয়তে আমি শৈক্ষিক দিশত ভালেখিনি উৎকৰ্ষ সাধন কৰিবলৈ সক্ষম হম। শিক্ষক দিৱসৰ প্ৰাসংগিকতা সদায়ে থাকিব কাৰণ শিক্ষা ব্যৱস্থা সদায় গতিশীল ৰূপত চলি থাকিব। সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱৰ উদাৰ মানসিকতা, আদৰ্শবান ব্যক্তিত্বৰ তাৎপৰ্য উপলব্ধি কৰি তেখেতৰ আদৰ্শক শৈক্ষিক জীৱনত প্ৰয়োগ কৰিব পাৰিলেহে শিক্ষক দিৱস পালন কৰাৰ তাৎপৰ্য সাৰ্থক হব।
***************************************