গতিৰূদ্ধ | An Assamese poem by Nayan Mani Das

গতিৰূদ্ধ



গতিৰূদ্ধ
আহ্নিকতাৰ নহয়
নহয় মানৱতাৰ
এক প্ৰজাতি বিশেষৰ
যিয়ে প্ৰত্যাহ্বান দিয়ে
স্বয়ং মুৰাৰীক
গঢ়ে এটাৰ পিছত
আনটো অভিলেখ
যাৰ নিজৰ সৃষ্টিয়ে চুৱে
গগন ত্ৰিভুৱন
চতুৰ মস্তিষ্কধাৰী,
নিজকে জীৱ শ্ৰেষ্ঠ বুলি দিয়ে চিনাকী
হা  হা ঃ
কিন্তু এয়া,
এয়া কি যে প্ৰহসন
সেই জীৱ শ্ৰেষ্ঠ
আজি ধৰাশায়ী
ধৰাশায়ী ক্ষুদ্ৰাতি ক্ষুদ্ৰ
এটি মাত্ৰ
অর্ধজীৱৰ আগত।।

***************************************



নয়ন মণি দাস
সহকাৰী শিক্ষক
১২৯৩ নং কৰিগাঁও প্ৰাথমিক বিদ্যালয়
চমৰীয়া ব্লক