জাতিৰ পিতা মহাত্মা গান্ধী
জাতিৰ পিতা, বাপুজী,
মহাত্মা গান্ধীৰ নাম
সকলোৱে মিলি তেওঁক
কৰোঁ আঁহা প্ৰণাম |
দেহৰ তেজ পানী কৰি
পৰাধীন ভাৰতক
স্বাধীন কৰিলে,
অত্যাচাৰী ইংৰাজক
ভাৰতৰপৰা খেদি পঠিয়ালে।
অসহযোগ আন্দোলন কৰি
ইংৰাজৰ বুকু কঁপাই তুলিলে,
আন্দোলন কৰি কৰি
সুপ্ত ভাৰতবাসীক জগাই তুলিলে।
অহিংসাক জীৱনৰ মূলমন্ত্ৰ কৰি
অস্পৃশ্যতাৰ বিৰুদ্ধে সংগ্ৰাম কৰিলে,
নিজ হাতে যতৰত সূতা কাটি
কাপোৰ বই
বিদেশী বস্ত্ৰ
বৰ্জন কৰিলে |
হে মহাত্মা , তোমাক শত শত প্ৰণাম।
বিপাশা কলিতা
ষষ্ঠ শ্ৰেণী
শিকাৰহাটী আঞ্চলিক হাইস্কুল
ৰাণী ব্লক
অলংকৰণ :- সুৰভি দাস