মোহনদাস কৰমচাঁদ গান্ধী
এদিন শিক্ষকে শ্ৰেণীকোঠাত ছাত্ৰ সকলক সুধিলে
'মোহনদাস কৰমচাঁদ গান্ধী কোন আছিল ?'
'এগৰাকী বৃদ্ধ মানুহ
এগৰাকী ৰাজনীতিক
এগৰাকী বিপ্লবী
এগৰাকী সন্ন্যাসী' ছাত্ৰসকলে ক'লে।
সঠিককৈ কোনোৱে কব নোৱাৰে।
আন এদিনাখন শিক্ষকে ছাত্ৰসকলক সুধিলে, 'তেওঁ কি কৰিছিল ?'
তেওঁ সপোন দেখিছিল,
তেওঁ দেশ নিৰ্মাণৰ কথা ভাবিছিল,
তেওঁ দেশৰ স্বাধীনতাৰ হকে যুঁজিছিল,
তেওঁ সকলো ত্যাগ কৰিছিল মানুহৰ বাবে
ছাত্ৰসকলে ক'লে
সঠিককৈ কোনেও নাজানে।
শিক্ষকে হাঁহিলে আৰু ক'লে,
তেওঁ দেশৰ অগণন জনতাৰ হৃদস্পন্দন আছিল
তেওঁ দেশৰ মুক্তি সংগ্ৰামৰ পথিকৃৎ আছিল,
তেওঁ অহিংসাৰ পূজাৰী আছিল,
তেওঁ ৰামৰাজ্য থাপনাৰ মন্ত্ৰ দিছিল,
তেওঁ কি নাছিল !
সমস্ত শতিকা জুৰি
সমস্ত হাবিয়াস জুৰি
তেওঁ আছিল আৰু তেওঁৰ আচল নামটো হেৰাই গৈছিল।
তেওঁ আছিল – মহাত্মা গান্ধী,
তেওঁ আছিল – জাতিৰ পিতা,
নিস্তব্ধতাই গ্ৰাস কৰিছিল শ্ৰেণীকোঠা
নিজৰ অজ্ঞতাত ম্ৰিয়মাণ, স্তব্ধ ছাত্ৰসকল।
*******************
দীপক কাকতি
অধ্যক্ষ
কান্দাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়
হাজো শিক্ষা বিস্তাৰ সমিতিৰ
কান্দাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় (Hajo S.B.S.K.R H.S.S)
অলংকৰণ :- সুকন্যা ভৰদ্বাজ