আমাৰ কণমানি
আমাৰ কণমানি
দেখিবলৈ ধুনীয়া ,
থুনুক থানাক মাতেৰে
পাতে মোৰ সতে কথা।
কণমানিয়ে বায়েকক কয় পঢ়া
তুমি ভালদৰে পঢ়া,
নপঢ়িলে মাৰ তুমি
এছাৰিৰ কোব খাবা।
কণমানিৰ কথা শুনি
মাৰ ফালে চালোঁ ,
লাজে ভয়ে তলমূৰ হৈ
পঢ়িবলৈ ললোঁ।
নামঃ শ্ৰী ময়ুৰ কুমাৰ কলিতা
শ্রেণীঃ অষ্টম
ৰোল নং-৬
তাতিবামা আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়
ৰাণী শিক্ষাখণ্ড
অলংকৰণ :- সুৰভি দাস