সিহঁত
দুপৰীয়াৰ ভৰপক বেলিটো
বোকোচাত গধুৰ বোজা
ক্ৰমশঃ ধলপুৱাৰ পৰা গধূলি
গধূলিৰ পৰা ৰাতি
সকলো একাকাৰ কৰি
ব্যস্ত সিহঁত অন্নৰ সন্ধানত......
সমাধিস্থ জাৱৰৰ দমত
সিহঁতৰ
শৈশৱ কৈশোৰ.....
ফেঁহুজালিৰ লগে লগে কান্ধত
বস্তা লৈ
যায় সিহঁত এক আশাত.....
আশা সীমাৱদ্ধ মাথোঁ জাবৰৰ দমত......
এনেকৈয়ে গৈ আছে সিহঁতৰ জীৱন
দিন-ৰাতি, পুৱা-গধূলি একোৱেই নহয়
নতুন সিহঁতৰ বাবে....
তৰা ভৰা আকাশখনেই সিহঁতৰ চালি
আৱৰ্জনাৰ দম হয় বিছনা
লৈ ফুৰে বুকুত এক কায়িক যাতনা.....
এটা জীৰ্ণ শৰীৰত
এডোখৰ মলিয়ন ফটা বস্ত্ৰ
সপোন দেখাৰ অধিকাৰ নাই সিহঁতৰ
হায় মানৱ জীৱন.......!!
ৰণ্টুমণি ডেকা
সহঃ শিক্ষক
ভিতৰখোলা মধ্য ইংৰাজী বিদ্যালয়
কমলপুৰ শিক্ষাখণ্ড
অলংকৰণ :- সংগীতা কাকতি

