মোৰ জীৱনে মোৰ বাণী
মোৰ জীৱনে মোৰ বাণী,
এই আপ্তবাক্য কৈ
ভাৰত গঢ়ি
থৈ গ'ল আপুনি ।
১৯৪৭ চনৰ ১৫ আগষ্টত
ঘূৰাই পালে ভাৰতে
হৃত স্বাধীনতা।
আৰু আজি..
আপোনাৰ কৰ্মদক্ষতা , মহানতাৰ বাবে --
নৈৰ তীব্ৰ গতিৰ নিচিনা,
ভাৰত বিকাশৰ ফালে
ঢাল খাইছে।
ভাৰত গঢ়াৰ পিতা আপুনি
সেয়ে আপুনি ‘জাতিৰ পিতা’ নামেৰে চিনাকি।
আজিও আপোনাক স্মৰণ কৰি পালন কৰোঁ আমি গান্ধী জয়ন্তী ||
দিগংগনা দাস
অষ্টম শ্ৰেণী
শিঙিমাৰী হাইস্কুল
শিক্ষাখণ্ড:- হাজো।
অলংকৰণ :- সংগীতা কাকতি