অনাথ
পৰিচয়বিহীন যাযাবৰ আমি,
ল'ৰালিৰ ধেমালি এৰি,
দিনটোলৈ থাকোঁ মজুৰি খাঁটি |
মুকলি আকাশৰ তল,
আনৰ ঘৰৰ দুৱাৰদলিয়েই
আমাৰ আশ্ৰয়স্থল |
মন যায় পঢ়ি শুনি ,
সপোনৰ চাকনৈয়াত
আশাৰ চিলাখন
মেলি দিওঁ বুলি |
পিছে পৰিস্থিতিয়ে যে দিয়েহি
বাধাৰ জেওৰাখন আঁৰি |
*****************************************
ৰূপজ্যোতি দাস,
চৌৰাকাৰা বালক প্ৰাথমিক বিদ্যালয়, চৌৰাকাৰা
কমলপুৰ শিক্ষাখণ্ড
অলংকৰণ :- সংগীতা কাকতি