ৰূপকোঁৱৰ
শিল্পী তুমি সৃষ্টিৰ
সংগীত তোমাৰ চিৰ প্ৰবাহিত নদী
প্ৰতিটো ১৭জানুৱাৰীত তোমাৰ জন্ম
শ্ৰদ্ধাঞ্জলিৰ পবিত্ৰ ফুল এপাহ তোমালৈ-
জ্যোতি সংগীতৰ নিজৰাত
আমাৰ প্ৰাণ
আই অসমীৰ সন্মান
ন-ন ৰূপেৰে সংস্কৃতি গঢ়ি
সতী জয়মতীক জীয়াই ৰাখি
বিভূষিত হৈছা তুমি
ৰূপকোঁৱৰ বুলি
গছে গছে পাতি দিলে
ফুলৰে শৰাই
কোনে বাৰু তোমাক পাহৰাই...।
------------------------------
অপূৰ্ব কুমাৰ দাস
প্ৰধান শিক্ষক
৪২ নং ভূৰ্কিবাড়ী প্ৰাথমিক বিদ্যালয়
শিক্ষাখণ্ডঃ বকো।
অলংকৰণ :- সুকন্যা ভৰদ্বাজ

