অসম দিৱস
অসম দিৱস পাতিছে অসমীয়াই
চুকাফা স্মৃতিত তোমাৰ ;
তোমাৰ কীৰ্তি কাহিনীকে গাওঁ
আকৌ শ্ৰদ্ধাৰে এবাৰ....
আহোম ৰাজ্যৰ তুমি প্ৰতিষ্ঠাতা
মহান চাওলুং চুকাফা,
চল্লিশ বছৰে ৰাজত্ব কৰি
বৰ অসম গঢ়িছিলা।
আদি বাসস্থান মুংৰিমুংৰান
এৰি মধ্যযুগত পাটকাইৰ সিপাৰৰ পৰা
খুনলুং-খুনলাই তোমাৰ পূর্ব পুৰুষ
সৰগৰ পৰা নামি অহা।
চাওচাং নিউ আছিল পিতৃ
ব্লেকখাম চেম মাতৃ,
মাওলুং জন্মস্থান বৰ্তমান বাৰ্মাত।
অসীম দুখ কষ্টেৰে, কিন্তু বীৰদৰ্পে
অাবাঢ়িছিলা হৈ ব্ৰহ্মপুত্ৰ উপত্যকা অভিমুখী।
পত্নী-কন্যা, দুই পুত্ৰ, ডা-ডাঙৰীয়া সকল,
ন হাজাৰ অনুগামী, দুই হস্তী, তিনিশ ঘোঁৰা লৈ
হুকং উপত্যকা এৰি যাত্ৰা পাটকাইলৈ।
তোমাৰ সৌৰ্য-বীৰ্য আৰু ধৈৰ্য্যৰ কিৰীতি,
ত্ৰাহি মধুসূদন সুমৰিলে আগবাট ভেটা সকলে।
বহুজাতি, দুৰ্ধৰ্ষ নগাসকলক যুঁজি যুঁজি পৰাজিত কৰিছিলা
নিজ ভাগ্য নিৰ্মাণ নিজেই কৰিছিলা।
দিবাং আৰু পাটকাইৰ মাজতে ৰৈ
নতুন ৰাজ্য স্থাপিলা, আগবাঢ়ি আহি দিবাংত
আহোম ৰাজ্যৰ ৰাজধানী সাজিছিলা।
চৰাইদেউত ৰাজধানী পুনৰ(১২৫৩খৃ) পাতিছিলা
মৰাণ-বৰাহী দুই জনগোষ্ঠীক
মৰম আৰু শান্তিতে জিনিছিলা।
তোমাৰ বংশধৰ মহান আহোম সকল
কতো নাই তুলনা যেন দেৱসকল,
প্ৰীতিভৰা ব্যৱহাৰ, কৰ্ম উচ্চ স্তৰৰ,
সকলোতে অ-সম, গৌৰৱ অসমৰ।
বুঢ়াগোহাঁই, বৰগোহাঞি তোমাৰ দুই হাত
সৰ্বত্ৰে হ'ল প্ৰসাৰিত তোমাৰ গুণগান,
আহোমৰ জয়গান, কীৰ্তি লিখি ৰাখিলা,
বুৰঞ্জী নামেৰে তাক অসমে জানিলা।
কাশ্মিৰী দাস
সহ- শিক্ষয়িত্ৰী
কছৰুৱা প্ৰাথমিক বিদ্যালয়।
শিক্ষাখণ্ড- কমলপুৰ
অলংকৰণ :- তন্দ্রা দে