পুহৰ শেষত আহে
হেঁপাহৰ ভোগালী
লাৰু, পিঠা, সান্দহেৰে
আনোঁ ভোগালীক আদৰি
ন-চাউলৰ ন-ভোজ
কি যে মজা !
সকলোৰে ঘৰে ঘৰে
দৈ, গুৰ, চিৰা ।
বিহুৰ দিনা
ঢলপুৱাতে উঠি,
তামোল-পাণ বান্ধি
ওলাওঁ মেজিলৈ বুলি।
মেজি জ্বলাই সকলোৱে
নাম- কীৰ্তন কৰি,
ডাঙৰৰপৰা আশীৰ্বাদ লওঁ
বছৰটো কুশলে যাওঁক বুলি।
শ্ৰেণী-অষ্টম
তাতিবামা আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়
ৰাণী শিক্ষাখণ্ড
অলংকৰণ :- সুকন্যা ভৰদ্বাজ