শ্বহীদ
ত্যাগৰ ভাৱনাৰে
দেহত আত্মবলিদানৰ তেজ লৈ ,
আমি যাওঁ আগুৱাই ।
লক্ষ্য মাথোঁ এটাই --
বিপদৰ সময়ত আইমাতৃক
কিদৰেনো পাৰোঁ
নিব মোকলাই ?
আমাৰ নাই কোনো ভয় ,
নাই যে কোনো শংকা ।
সাহসৰে উপচি পৰা ,
আমাৰ উমাল বুকু ,
দৃঢ়তাৰে আৱৰি থকা...
কথা এটি কওঁ শুনা ,
শ্বহীদৰ সোঁৱৰণীত
কেৱল বন্তি জ্বলাই ,
নিজস্ব দায়িত্ব নাসামৰিবা
অ' ককাই ।
জাতিৰ স্বাৰ্থত ,
ব্যস্ততা সামৰি তোমালোকো আহিবা ওলাই...
ৰূপজ্যোতি দাস
চৌৰাকাৰা বালক প্ৰাথমিক বিদ্যালয়
শিক্ষাখণ্ড : কমলপুৰ
অলংকৰণ :- সুৰভি দাস