ৰূপকোঁৱৰ জ্যোতিপ্রসাদ
সুন্দৰৰ পূজাৰী তুমি
বিপ্লৱী বীৰ,
স্বদেশ প্ৰেমিক তুমি
আই অসমীৰ।
নিৰ্মাণ কৰিলা প্রথমখন
কথাছবি জয়মতী
তুলি ধৰি অসমীয়া সংস্কৃতিৰ
সুন্দৰ মালাধাৰি।
সুৰৰ যাদুকৰ তুমি ,
ৰচনা কৰিলা জনতাৰ গান,
'তোমাৰ গানত জ্বলে
শতযুগৰ কত অভিমান'।
জনতাৰ যে তুমি মনৰো মনৰ
প্ৰাণৰো প্ৰাণৰ শিল্পী,
তোমাৰ সৃষ্টি জ্যোতি-সংগীতবোৰে
বিলায় তোমাৰে জ্যোতি।
অসমীয়া গীতে নাটে কৰিলা
সংস্কৃতিৰ ভঁৰাল চহকী,
তোমাৰ স্মৃতি সুঁৱৰি আমি
পালন কৰোঁ শিল্পী দিৱসটি।
প্ৰধান শিক্ষয়িত্ৰী,
শুৱালকুছি সনাতন বালিকা প্ৰাথমিক বিদ্যালয়,
হাজো শিক্ষাখণ্ড
অলংকৰণ :- সুৰভি দাস