আত্মবিশ্বাস | Microstory by Swarnmoyi Kalita

আত্মবিশ্বাস

মাহ - দিনে যুগুতাই উলিওৱা নামৰ তালিকা খন তাই এফালৰ পৰা চকু ফুৰাই গৈছে এটা ভাল অৰ্থপূৰ্ণ নাম বিচাৰি ; বহু পূৰ্জা অৰ্চনাৰ  মূৰত দুজনী ছোৱালীৰ পাছত জন্মপোৱা ল'ৰা সন্তানটিৰ বাবে...। আজি তাৰ নামাকৰণ কৰিব, গতিকে এক বিশেষ আয়োজন ।পূৰ্বপৰিকল্পনামতে সকলোবোৰ কাম ভাগে-ভাগে কৰি গৈছে । যথাসময়ত পৰিয়ালটোৰ পদূলিমুখ আলহী- অতিথিৰে ভৰি পৰিল। ওচৰ-চুবুৰীয়া বুলি দুখীয়া ঘৰৰ ৰূপালীয়েওঁ‌ কিছু সহায় কৰি দিওঁ বুলি আগতিয়াকৈ আহিল। কোনো একক্ষণত মাজনীয়ে কেঁ‌চুৱাটোক ৰূপালীৰ কোলাত দি বাহিৰলৈ ওলাই গ'ল; কিন্তু এই কামটো তাইৰ শাহুৱেকে ভাল নাপালে।গতিকে বোৱাৰীয়েক উভতি আহোঁতে কৈয়ে পেলালে "বোৱাৰী !তুমি এইটো কি কাম কৰিলা ? সেই পংগু সন্তানৰ মাতৃগৰাকীৰ কোলাত কেঁ‌চুৱাটোক কিয় দিলা? সোনকালে লৈ আহা।" এই কথাষাৰ ৰূপালীৰ কাণত পৰিল; তাই আৰু ৰ'ব নোৱাৰিলে। কেঁ‌চুৱাটিক  মাকক গতাই তাত এক সময়ো তাই নৰ'ল।পৰিয়ালটোৰ বাকীবোৰে কাকূতি-মিনতি কৰিলে যদিওঁ‌ তাই নৰ'ল।  ঘৰলৈ ওভতি আহি পুত্ৰক বুকুৰ মাজত সাৱতি ধৰি হুকহুকাই কান্দি পেলালে তাই আৰু পুত্ৰৰ মূৰত হাত থৈ মনতে তাই  প্ৰতিজ্ঞা কৰিলে জীৱনৰ শেষ বিন্দুলৈকে তাৰ লগত চেষ্টা কৰিব। যদিওঁ‌ তাইৰ সন্তানটি শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম কিন্ত মানসিকভাৱে সি সক্ৰিয়। গতিকে তাক ওচৰৰ চৰকাৰী স্কুলতে নাম লগাই দিলে। মাক-বাপেকৰ অশেষ চেষ্টা আৰু চৰকাৰী আঁ‌চনিৰ জৰিয়তে তাক এজন মানুহ হিচাপে গঢ় দিবলৈ সক্ষম হ'ল। আজি সি হুইল চেয়াৰখনতে বহি কম্পিউটাৰ চলাই পৰিয়ালটোক আৰ্থিক সকাহ দিবলৈ সক্ষম হৈছে ।

আনহাতে যিটো কেঁ‌‌চুৱাক কোলাত লৈ ৰূপালী এদিন কান্দিব লগীয়া হৈছিল সিওঁ‌ এতিয়া ডাঙৰ হ'ল;অতি আদৰত ডাঙৰ-দীঘল হোৱা ল'ৰাটো এতিয়াও লাগ বুলিলেই তাৰ মনৰ মতন বস্তু নেপালে ঘৰত অত্যাচাৰ চলায়। পঢ়া শুনাও আধাতে এৰিলে .......।

 তাৰ আইতাক জনীয়ে এতিয়াও ক'ব  বিচাৰে নাতিনীয়েকজন এনে হোৱাৰ মূলতে হেনো ৰূপালীৰ কোপ দৃষ্টি ......!!!!

           *********************************

 নাম- স্বৰ্ণময়ী কলিতা
পদবী-সহঃশিক্ষয়িত্ৰী
শুৱালকুছি আদৰ্শ প্ৰাথমিক বিদ্যালয়

হাজো শিক্ষাখণ্ড


অলংকৰণ :- সুকন্যা ভৰদ্বাজ