প্ৰতিবন্ধী কোন ?
কাণেৰে নুশুনে তাই
নেদেখে চকুৰেও
মুকবধিৰ তাই---
মাথোঁ আছে
জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহ--
তাই যে কিবা এটা কৰিব বিচাৰে!!
ভৰিৰ আঙুলিৰে তুলিকা
খামুচি...
নেদেখা নুশুনাকৈয়ে
ছবি আঁকে জন্মদাত্ৰীৰ।
অত্যন্ত সাহসী তাই,
চুব বিচাৰে আকাশ...
কিন্তু......
জানিও নজনাৰ ভাওৰে
সক্ষমতাৰ গৰ্বত মত্তজনে
তাইৰ ওপৰত চলায় অত্যাচাৰ অমানবীয়তাৰ..
এয়া বাৰু কি_______??
আচলতে বিবেকহীন --
পাষণ্ডৰ প্ৰতীক সিহঁত
যাৰ নাই আনৰ প্ৰতি মমতা,
নাই সৃষ্টিশীলতা..
মাথোঁ পৰশ্ৰীকাতৰ কপটতাৰে
লুতুৰি-পুতুৰি সিহঁতবোৰহে
প্ৰকৃতাৰ্থত প্ৰতিবন্ধী ।
*************************
অনিতা বেজবৰুৱা
সহ-শিক্ষয়িত্ৰী
১১৬২ নং জাৰাবাৰী প্ৰাথমিক বিদ্যালয়
ছয়গাঁও শিক্ষাখণ্ড
অলংকৰণ :- পল্লবী পাঠক