ভোগালী বিহু
দুটা মাহৰ মাজৰ দিন
অৰ্থাৎ প্ৰতিটো মাহৰ অন্তিম দিনটোৱেই হ'ল দোমাহী।
সেইটি দিনতেই পালন কৰোঁ
আমি আদৰৰ বিহু ভোগালী।
ধনী কি দুখীয়া কাৰোৰে নহয় নাটনি,
সোণোৱালী ধানেৰে পৰিছে ভৰি সকলোৰে ভঁৰালটি।
জীয়ৰী-বোৱাৰীয়ে মিলি
বনাব লাৰু-পিঠা আৰু যে কত কি,
গাঁৱৰ ডেকা-বুঢ়া সকলোৱে মিলি
সাজিব সপোনৰ ভেলাঘৰটি।
উৰুকাৰ দিনা ৰাতি সকলোৱে খাব
প্ৰীতিৰে তৃপ্তিৰ এসাঁজ,
ধৰ্মৰ কথা আৰু স্ফূর্তিৰে কটাই ওৰেটো নিশা।
কুকুৰাৰ ডাকত সচকিত হৈ
পাতে প্ৰতিযোগিতা গা ধোৱাৰ,
জুইৰ কাষত গা সেকি
আঁতৰায় শীতৰ প্ৰকোপ ।
বিহুৰ দিনা খেলা-ধূলা,
নাম- প্ৰসংগত
সকলোৰে মন নাচে আনন্দ উছাহত।।
------------------------
আৰ্জুমা বেগম,
নৱম শ্ৰেণী,
পূৱপাৰ মদাৰতলা উচ্চ মাধ্যমিক বিদ্যালয়
শিক্ষাখণ্ড - কমলপুৰ।
অলংকৰণ :- সুৰভি দাস