জ্ঞানম
জোন-বেলি-তৰাৰ আকাশ
উৰ্বৰা চাপৰিত গৰ্ভৱতী শইচ
'ক খ গ ঘ চ ছ জ ঝ
দুইয়ে দুইয়ে চাৰি গো..'
দৃঢ়মনা ইপাৰ-সিপাৰ।
ফুল ফুলাৰ মন্ত্ৰ
সাতোৰঙী ৰামধেনু
প্ৰতিযোগিতা নহয় মাথোঁ সীমা
এটোপ,দুটোপ নিয়ৰ কণা
নিষ্ঠাৰে শিকাৰ মন্ত্ৰ
মানৱ সম্পদ আগবঢ়োৱাৰ মন্ত্ৰ ।
ইতিহাসৰ পাত লুটিয়াই বাট পোনাম
মিলনভূমি সৰগৰ বিজ্ঞান মৰমৰ
নজনাক জানিম
তোমাৰ পৰা মই নতুবা মোৰ পৰা তুমি
জ্ঞানবৃক্ষ হৃদয়ৰ।
সেউজীয়াৰ আঁৰৰ প্ৰতিটো ছন্দ, প্ৰতিটো লয়
জ্ঞানমৰ প্ৰাণ
ৰূপান্তৰেৰে পোহৰাম, পোহৰাব
জয়তু জ্ঞানম
জয়তু জ্ঞানময় জ্ঞানম॥
******************
মনবীনী দাস
ঘটনগৰ মধ্য ইংৰাজী বিদ্যালয়।
(ছয়গাঁও শিক্ষাখণ্ড)
অলংকৰণ :- পল্লবী পাঠক