ভোগালী বিহু
মাঘৰ বিহুটি আমাৰ ভোগালী,
মন যে হৈ পৰে উদুলি-মুদুলি !
মিলিজুলি সাজোঁ মেজি আমি পথাৰত,
ঢেঁকীৰ শব্দ শুনোঁ সকলোৰে ঘৰত।
পুহ মাঘৰ দোমাহিত
পতা হয় ভোগালী উছৱ
ঘৰে-ঘৰে ধান, চাউলৰ
হৈ পৰে উভৈনদী।
কৃষক আমাৰ পৰম বন্ধু
খেতিৰে সেউজী কৰে
খহটা পথাৰখনি
গাঁও-চহৰ একাকাৰ কৰি
ভোগালীৰ উমাল বতাহ বলে।
ৰাতিপুৱাই গা ধুই
মেজি জ্বলাবলৈ যাওঁ,
নতুন চাউল ঢেঁকীত খুন্দি
লাড়ু-পিঠা খাওঁ।
বিহুৰ আগদিনা হয় উৰুকা,
ৰাইজে মিলি পাতে ভোজভাতৰ চৌকা।
ম'হ যুঁজ, কণী যুঁজ আৰু যে কত খেল,
আনন্দত চলি থাকে আমাৰ মৌ-মেল।
মৰমৰ এই বিহুটিক ভোগৰ বিহু কওঁ,
সৰুৱে ডাঙৰক সেৱা জনাই আশীৰ্বাদটি লওঁ ।
অবিনাশ দাস
অষ্টম শ্ৰেণী
ছয়গাঁও চৰকাৰী মজলীয়া বিদ্যালয়
শিক্ষাখণ্ড : ছয়গাঁও
অলংকৰণ :- সুৰভি দাস