জোনাকত সৰা শেৱালি
তুমি জোনাক
নিয়ৰৰ টোপালৰ মিঠা স্পৰ্শ
শেৱালিৰে ভৰা মোৰ বগা আচল
বুটলি ফুৰোঁ শেৱালি
দলিচা ভৰাই
প্ৰতিটো পুৱাতেই মেলে
আশাৰ গজালি
প্ৰতিটো কোঠালীত
মোৰ হৃদয়ৰ
কাঢ়ি নিব খোজে কোনোবাই গোপনে গোপনে
মোৰ শৰতৰ
হেঁপাহৰ শেৱালিবোৰ...
হে নিষ্ঠুৰ সময়,
মোক দয়া কৰা
মোক শকতি দিয়া
অমানুহবোৰক বাট দেখুওৱা
পোহৰৰ
তুমি জোনাক
মই শেৱালি
নাই পৰা মই কোনোদিন ভাগৰি।
জ্যোতিস্মিতা দাস
অষ্টম শ্ৰেণী
ছয়গাঁও চৰকাৰী মজলীয়া বিদ্যালয়
ছয়গাওঁ শিক্ষাখণ্ড।
অলংকৰণ :- সুকন্যা ভৰদ্বাজ