কোঁচ সাম্ৰাজ্য আৰু কামাখ্যা মন্দিৰ
কোঁচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা আছিল বিশ্বসিংহ আৰু তেওঁৰ ভাতৃ শিৱসিংহ আছিল ডেকা ৰজা৷দুয়ো লগ হৈ বঙাল দেশৰ পৰা ৰাজ্য জয় কৰি আহি কমতাপুৰ নিজৰ অধীনত আনিছিল৷তেওঁলোকে ক্ৰমে ৰাজ্য জয় কৰি উজাই আহি গুৱাহাটীৰ ফালে আহিছিল ৷
এদিন তেওঁলোকে নীলাচল পাহাৰলৈ গৈছিল৷অতিশয় পানী পিয়াহ লগাত দুয়ো পানী বিচাৰি এগৰাকী বৃদ্ধাক লগ পালে ৷বৃদ্ধা গৰাকী এজোপা বড় বট গছৰ তলত বিশ্ৰাম কৰি আছিল৷ তাত এটা ভেটিও আছিল৷বৃদ্ধা গৰাকীয়ে দুয়োকে পানী খাবলৈ দিলে৷ৰজা বিশ্বসিংহই ভেটিটোৰ কথা সোধাত তেওঁলোকৰ দেৱতা বুলি জনালে৷দেৱতাৰ মহিমাৰ বিষয়ে জানিব পাৰি ৰজাই সংকল্প ল’লে, "যদি তেওঁৰ ৰাজ্যৰ উত্থান দ্ৰুত গতিত হয় তেন্তে সেই ঠাইত সোণৰ মন্দিৰ নিৰ্মাণ কৰিব।"
ৰজা কমতাপুৰলৈ উভতি যোৱাৰ পাছতেই ৰাজ্যৰ দ্ৰুত উন্নতি দেখি সংকল্প অনুযায়ী পণ্ডিতসকলক মতাই আনি সেই দেৱতাৰ বিষয়ে অনুসন্ধান কৰাত কামাখ্যাদেৱীৰ পীঠস্থান বুলি জানিব পাৰিলে৷ৰজাই উক্ত স্থানত কামাখ্যা মন্দিৰ গঢ়িলে আৰু সোণৰ মন্দিৰৰ সলনি প্ৰতিটো ইটাত এক ৰতি সোণ দিয়াৰ ব্যৱস্থা কৰালে ৷ৰজা বিশ্বসিংহ দেৱীৰ উপাসক আছিল আৰু নিজ সন্তানৰ নামৰ শেষত ’নাৰায়ণ’ নামটো লগাইছিল৷
১৫২৮ খ্ৰীষ্টাব্দত বিশ্বসিংহ স্বৰ্গগামী হয়৷তেওঁৰ ১৮ জন পুত্ৰ আছিল ৷নৰনাৰায়ণ সকলোতকৈ ডাঙৰ আছিল হেতুকে তেওঁ কোঁচ সাম্ৰাজ্যৰ উত্তৰসুৰী হ’ল আৰু তেওঁৰ ভাতৃ শুক্লধ্বজ মুখ্য সেনাপতি হ’ল৷ৰজা নৰনাৰায়ণ জ্ঞানী ,বিদ্যাৰ প্ৰতি আগ্ৰহী আছিল৷পিতৃৰ দিনত যিবোৰ ৰাজ্য জয় কৰিব পৰা নাছিল ভাতৃ শুক্লধ্বজৰ বুদ্ধিদিপ্তা আৰু যুঁজাৰু মানসিকতাৰ বাবে জয় কৰিব পাৰিছিল৷যুদ্ধক্ষেত্ৰত ঘোঁৰাত উঠি চিলাৰ দৰে ক্ষীপ্ৰতাৰে যুঁজিছিল বাবে শুক্লধ্বজ; চিলাৰায় বুলি পৰিচিত হৈছিল ৷অসম ৰজাৰ এটা শুক্ল বৰ্ণৰ হাতী আছিল ৷সেই হাতীটোৰ প্ৰতি ৰজা নৰনাৰায়ণৰ খুবেই ইচ্ছা হোৱাত ভাতৃ চিলাৰায়ক যুদ্ধ কৰিবলৈ পঠালে৷যুদ্ধত চিলাৰায় জয়ী হ’ল লগতে হাতীটোও ৰজাক উপহাৰ হিচাবে দিলে৷ ৰজা নৰনাৰায়ণ শ্ৰীমন্তশঙ্কৰদেৱৰ বৈষ্ণৱ ধৰ্মৰ প্ৰতি আসক্ত হৈছিল৷তেওঁ শংকৰদেৱৰ ভাতৃ ৰামৰায় আতাৰ জিয়ৰী কমলপ্ৰীয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷নৰনাৰায়ণ ৰজাই নিজ ৰাজ্যৰ মানুহক শত্ৰুক দমন কৰাৰ বাবে মল্লযুঁজৰ প্ৰতি আসক্ত কৰাইছিল আৰু তেওঁ নিজে এগৰাকী মল্লযোদ্ধা আছিল ৷গতিকে তেওঁক 'মল্লনাৰায়ণ’ বুলিও কোৱা হৈছিল৷ এওঁৰ দিনতেই শংকৰদেৱ আৰু মাধৱদেৱে কীৰ্তন,দশম,ঘোষা ৰত্নাৱলী ৰচনা কৰিছিল৷পুৰুষোত্তম বিদ্যাবাগীশে ৰত্নমালা ব্যাকৰণ লিখিছিল৷ৰাম সৰস্বতী বা অনন্ত কন্দলি নামৰ পণ্ডিত এগৰাকীয়ে ভাগৱত পূৰাণ নিজ দেশীয় ভাষাত লিখি উলিয়াইছিল৷
বঙ্গাল দেশৰ নবাব সলিমানৰ সেনাপতি কালাপাহাৰে কামাখ্যা মন্দিৰ ভঙাৰ পাছত নৰনাৰায়ণ ৰজাই পুনৰাই নিৰ্মাণ কৰাইছিল৷এই কাৰ্যত চিলাৰায়ে বিশেষ যত্ন ৰাখিছিল৷এই নিৰ্মাণ কাৰ্য সমাপন কৰোতে প্ৰায় ১০ বছৰ সময় লাগিছিল৷কামাখ্যা মন্দিৰৰ যি ঠাইত দেৱী মাঁ আছে তাত নৰনাৰায়ণ আৰু চিলাৰায়ৰ প্ৰতিমূৰ্ত্তি আছে ৷কামাখ্যা মন্দিৰত পূজা চলাবলৈ ৰজা নৰনাৰায়ণে কোঁচবিহাৰৰ পৰা পুৰুহিত আনিছিল৷তাৰে কেন্দু কলাই নামে পূজাৰীৰ কথা সকলোৱে জানে৷কেন্দু কলাই বাপুৱে যেতিয়া গধূলি গোঁসানী পূজা কৰি ঘন্টা বজায় তেতিয়া গোঁসানীয়ে নাচিছিল৷ৰজা নৰনাৰায়ণে এই কথা গম পাই দেৱীৰ দৰ্শনৰ নিমিত্তে বাপুক কোৱাত তেওঁ এই বুলি ৰজাক উপদেশ দিছিল যে গধূলি যেতিয়া তেওঁ ঘন্টাৰ মাত শুনিব তেতিয়া নাটমন্দিৰৰ ফালে চালে দেৱীৰ দৰ্শন পাব৷সেই ধৰণেই এদিন ৰজাই ভিতৰলৈ চাওঁতে দেৱীৰ চকুত চকু পৰাত দেৱী ক্ৰোধান্বিত হ’ল আৰু কেন্দু কলাই বাপুৰ মূৰটো ছিঙি পেলালে আৰু ৰজাক শাপ দিলে যে তেওঁ আৰু তেওঁৰ বংশৰ কোনো লোকে দেৱীদৰ্শন দূৰৰে কথা নীলাচল পাহাৰলৈ চাব নোৱাৰিব৷চালে মূৰ ছিঙিব ৷তেতিয়াৰপৰাই দেৱীমাঁ পূজাৰ সময়ত নোলায় আৰু শিৱবংশী কোঁচবিহাৰ,বিজনী,বেলতলা প্ৰভৃতিৰ ৰজা কি ৰজাৰ পৰিয়ালৰ কোনোলোকে নীলাচললৈ পাৰ্যমানে নাচায়৷
সহায়ক পুথিঃআসাম বুৰঞ্জী,গুণাভিৰাম বৰুৱা
গিৰিন দাস
সহ শিক্ষক
৩২৭ নং লেজা প্ৰাথমিক বিদ্যালয়
কমলপুৰ শিক্ষা খণ্ড৷
অলংকৰণ :- মনবীনী দাস