সম্পাদকীয়

 সম্পাদকীয় ........

সম্পাদকীয় | Editorial - 4th Edition Gyanam

       চাওঁতে চাওঁতে আমাৰ মানসসৃষ্ট "জ্ঞানম" আঠমহীয়া শিশুলৈ পৰিণত হ'ল। পৃথিৱীৰ অসুখৰ মাজত ভূমিষ্ঠ হোৱাৰ যন্ত্ৰণা অতিক্ৰম কৰি "জ্ঞানম" এই অৱস্থা পোৱাতো আমাৰ কাৰণে এক কঠিন প্ৰত্যাহ্বান আছিল। আমাৰ পৰিয়ালৰ সামৰ্থ অনুযায়ী কিমান পুষ্টি যোগাৱ পাৰিছো সেয়া বিচাৰ হ'ব "জ্ঞানম"ৰ মাত থুনুক-থানাকৰ পৰা কিমান সুলখিত হয় তাৰ ওপৰত। আৰু বিচাৰ হ'ব শিশু "জ্ঞানম" খোজলৈ দৌৰিবলৈ পাৰে নে আঠুকাঢ়ি চুচৰি থাকে তাৰ ওপৰত। ইয়াৰ উপৰিও আমাৰ সকলোৰে দায়িত্ব শিশু "জ্ঞানম"ক লালন-পালন কৰি পৈণত অৱস্থাত উপনীত কৰাবলৈ। মাথো "জ্ঞানম"ৰ শুভকাংশী সকললৈ এটা অনুৰোধ আনৰ লগত তুলনা কৰি নাইবা অপ্ৰয়োজনীয় সমালোচনা কৰি ফুলকুমলীয়াতে "জ্ঞানম"ক পংগু কৰি নেপেলায়।

 

আমি সকলোৱে এটা অত্যন্ত কঠিন শিক্ষাবৰ্ষ অতিক্ৰম কৰিলো। বিগত সময়চোৱাত আমি সন্মুখীন হোৱা অসুবিধা তথা সমস্যা সমাধানৰ কাৰণে আগন্তুক দিনবোৰত সকলোৱে সজাগ তথা প্ৰস্তুত হৈ থাকিব লাগিব। বিজ্ঞান মনস্কতা, বিজ্ঞানৰ জয়গান গালেই নহব আমি বিজ্ঞানসন্মতভাৱে জীৱন নিৰ্বাহ কৰিব লাগিব। নিজে বিজ্ঞানসন্মতভাৱে চলাৰ উপৰিও ছাত্ৰ-ছাত্ৰী সকলক বিজ্ঞান সন্মতভাৱে যিকোনো সমস্যাৰ সমাধান কৰিবলৈ সক্ষম কৰিব লাগিব। আমি সকলোৱে নিজকে এনেদৰে প্ৰস্তুত কৰি ৰাখিম যে অনাগত ভৱিষ্যতত আমাৰ ছাত্র ছাত্ৰী সকলৰ শিক্ষা গ্ৰহণ এদিনো ক্ষতি নহয়।

       শেষত সমূহ লেখক-লেখিকা, শিক্ষক-শিক্ষয়িত্ৰি, ছাত্ৰ-ছাত্ৰী তথা "জ্ঞানম"ৰ সমূহ শুভকাংশী সকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকৰ সদিচ্ছাৰ কাৰণে। আপোনালোকৰ সহায়-সহযোগিতা তথা গঠণমূলক সমালোচনা আমাৰ সদায় কাম্য। শ্ৰদ্ধাৰে,

 


কৃষ্ণা সোণোৱাল
তীৰ্থমণি ডেকা
সম্পাদকদ্বয়, 
ই-আলোচনী 'জ্ঞানম'