ফাগুনৰ উপহাৰ ফাকুৱা
মলয়া বতাহজাকে সংগোপনে
আহি কিবা যেন ক’লে মোৰ কাণে কাণে ..
লগৰীৰ লগত তাহানিতে খেলা ৰঙৰ খেল ,
নাম যাৰ ফাকুৱা ।
নানাৰঙী ৰঙৰ সান্নিধ্যত
নিজকে পাহৰোঁ ,
ফাগুনৰ আকাশত পলাশ-শিমলুৰ ৰঙা ৰং
জিলিকিছে আকাশত
পূৰ্ণিমাৰ জ্বলা জোনটো হৈ ।
বসন্তৰ উৎসৱ ফাকুৱা--
বাটেপথে সকলোচোন ৰঙীন আজি ,
ব্ৰজভূমিত ৰাধাগোপীৰ সৈতে
কৃষ্ণ গোঁসায়ে খেলিছিল হোলী ।
বসন্ত উৎসৱৰ ৰং ধেমালি,
মৰম-প্ৰীতি চৌপাশে পৰিছে বিয়পি ৷
শ্ৰী বুলু ৰাণী দাস
সহ: শিক্ষয়িত্ৰী
কেশৱ দাস প্ৰাথমিক বিদ্যালয়
কমলপুৰ শিক্ষাখণ্ড ৷
অলংকৰণ :- সংগীতা কাকতি