নাৰী
তুমি সৃষ্টিকৰ্তাৰ অনুপম সৃষ্টি
বৰষিলা ধৰাত মৰমৰ বৃষ্টি;
তোমাতেই বিলিন হয় ধৈৰ্য্যৰ সাগৰ
তুমিয়েই হ'লা লখিমী প্ৰতিখন ঘৰৰ।
দহ মাহ দহ দিন ধৰি তোমাৰ গৰ্ভতে জনম লভিলোঁ
তোমাৰ মমতাতে আজি জ্যোতিস্মান হলোঁ;
তুমিয়েই স্ৰোতস্বিনী নৈ দৰে--
তুমি কৰুণাময়ী বসুমতী আইৰ দৰে--
তুমি আই মাতৃ জগত জননী
তুমি ,জী,ভগ্নী, বোৱাৰী, শাহু, সহধৰ্মিণী;
যুগে যুগে নানা ৰূপ ,নানা নামেৰে বিভূষিত তুমি
নানা উপাধি, নানা অলংকাৰেৰে অলংকৃত তুমি।
বহু বিপদ,বহু দুখ নেওচি হাঁহি মুখে কৰিলা জীপাল
তোমাৰ হৃদয় আকাশৰ দৰে বিশাল;
তুমি শক্তি ৰূপিনী দেৱীৰ ৰূপত কালি ,দুৰ্গা,পাৰ্বতী
তুমিয়েই সাহসী বীৰাংগণা লক্ষ্মীবাই,জয়মতী।
তুমি পতিব্ৰতা, তুমি পবিত্ৰতা
তোমাৰ সৃষ্টিতেই ধৰণী ধুনীয়া;
সেই নাৰীক নকৰিবা অসন্মান
কৰা সকলোৱে মান-
সেই নাৰী তোমাৰ নামত এদিন
জনালোঁ তোমাক সহস্ৰ শুভেচ্ছা ও প্ৰণাম।
-------------+++------------
পুষ্পাঞ্জলি পাংগিং গাম
গুৱাহাটী, বৰঝাৰ।
অলংকৰণ :- পল্লবী পাঠক