নেহৰু খুড়া
১৪ নৱেম্বৰ ১৮৮৯ৰ কোনোবা এটি
ৰৌদ্ৰোজ্বল সন্ধিক্ষণত ধৰালৈ নামি আহে
এক জ্যোতিষ্মান
জৱাহৰলাল নেহৰু।
পিতা - মতিলাল
মাতা - স্বৰপৰাণী।
মিঠা আলোকেৰে আলোকময়
কৰি তোলা এক চন্দ্ৰস্বৰূপ
জৱাহৰলালেও
ভাৰতবৰ্ষক উজ্বলাই তোলে।
ওকালতি তিয়াগি নেহৰুৱে লয়
গান্ধী পথ।
তেওঁৰ আদৰ্শে অনুপ্ৰাণিত হৈ লৈছিল স্বাধীনতাৰ আস্বাদন
নহৈ বিমৰ্ষ সজাই তুলিছিল নিজকে স্হিতপ্ৰজ্ঞ।
ধৰিছিল তৰোৱালৰ পৰিৱৰ্তে নীতি
অহিংস।
আনিছিল ইংৰাজৰ পৰা ঘূৰাই শাসন ।
কৰিছিল সদা আচাৰিছিল দেৱশিশুৰ লগত অপত্য মৰম -চেনেহ।
সেয়েহে নেহৰু খুড়াৰ প্ৰতি আমাৰ শ্ৰদ্ধা অশেষ ।
স্বাধীন ভাৰতৰ প্ৰথম শাসক ৰূপে
দেখুৱালে দিক নিৰ্ণয়ৰ পথ
নৱ ভাৰতৰ নৱ নিৰ্মাতাৰূপে পোহৰালে জাতি
আঁতৰাই কলিয়া মেঘ।
বুকু শুৱাই তোলা
জৱাহলালৰৰ ৰঙা গোলাপ
যিদৰে সপ্ৰতিভ
সুৱৰিম আমিও যুগে যুগে
ভাৰত মাতাৰ এইজনা মহান মহীৰূহক
শিশু দিৱসৰ বুকুৱে বুকুৱে যাঁচি একাঁজলী শ্ৰদ্ধা ভকতিৰে।
মঞ্জুমনি দাস,
প্ৰধান শিক্ষয়িত্ৰী
ডিৰিমা প্ৰাথমিক বিদ্যালয়
শিক্ষা খণ্ড - বকো
যোগাযোগ নং - ৯১০১৮৬৯৬৪৬
অলংকৰণ :- পল্লবী পাঠক