কামৰূপৰ ঠাই বিশেষে ভোগালী বিহুত সজা মেজিৰ বৈশিষ্ট্য: এক গৱেষণাধৰ্মী আলোকপাত।Research Article by Rajat Bharali
কামৰূপৰ ঠাই বিশেষে ভোগালী বিহুত সজা মেজিৰ বৈশিষ্ট্য: এক গৱেষণাধৰ্মী আলোকপাত।
মেজিৰ বৈশিষ্ট্য:
এক গৱেষণাধৰ্মী আলোকপাত। বিহু অসমীয়া জাতিৰ বাপতি সাহোন।ই এটা জাতিৰ পৰিচয়। বিহু বুলি কোৱাৰ লগে লগে মনত ভাহি উঠে অসমীয়া সমাজখন। বিহু উদ্ভৱৰ দিনৰে পৰাই বিহুৱে অসমীয়া জাতিক দি আহিছে-বিমল আনন্দ । সমন্বয়, ভ্ৰাতৃত্ববোধ, আৰু ৰং-ধেমালিৰ মাজেৰে আহিছে এই বিমল আনন্দ । মকৰ এটা ৰাশিৰ সংক্রান্তি মানে সম্যক ক্ৰান্তি। ক্ৰান্তিৰ অৰ্থ সংক্ৰমণ অৰ্থাৎ পৰিৱৰ্তন । মকৰ সংক্ৰান্তিয়ে পৰিৱৰ্তন ক বুজায় । সূৰ্য ই এটা মাহত এটা ৰাশিত অবস্থান কৰে। যেতিয়া এটা ৰাশিৰ পৰা আন এটা ৰাশিলৈ ইয়াৰ স্থান পৰিৱৰ্তন হয়,তেতিয়া এই পৰিৱৰ্তনক সংক্ৰান্তি বুলি কোৱা হয়। বাৰ সংক্ৰান্তিৰ মাজত সূৰ্য মকৰ ৰাশিত প্ৰবেশ. কৰা অতি মহত্ব পূৰ্ণ । মকৰ সংক্ৰান্তিত প্ৰবেশ কৰাৰ সময়ত সূৰ্যৰ গতি উত্তৰাভিমুখী হয়।ইয়াক উত্তৰায়ণ বুলি কোৱা হয়।ফলত জীৱনৰ আধাৰ উষ্ণতাৰ বৃদ্ধি হয় আৰু সৃষ্টি ত কৰ্ম প্ৰেৰণা নিৰ্মাণ হয়।
চৰাচৰ সৃষ্টিৰ মাজত নৱজীৱনৰ শক্তি সঞ্চাৰিত হয় । মাঘৰ বিহুত অসমৰ বিভিন্ন ঠাইত মেজি সজা নিয়ম ভিন ভিন । আজি কালি পৰিবৰ্তিত সময়ৰ লগত খাপ খোৱাকৈ কিছুমান মেজি সজা হয়। ইয়াক সময়ৰ আহ্বান বুলি ধৰি ল'লেও কামৰূপৰ ভিন ভিন অঞ্চলত মেজি সজা ধৰণ বেলেগ বেলেগ । এই লেখাৰ জৰিয়তে কামৰূপৰবিভিন্ন ঠাইৰ মেজি সজোৱা ধৰণ গৱেষণাধৰ্মীদৃষ্টিৰে আলোকপাত কৰাৰ প্ৰয়াস মাথোঁ ।
বকো অঞ্চলৰ মেজি:
বকো অঞ্চল কোচ ,কলিতা, ৰাভা, বড়ো,গাৰো আদি জনগোষ্ঠী লোকেৰে পৰিৱেষ্টিত । মাঘৰ বিহুত এই অঞ্চলত মেজি বা ভেলাঘৰ সজা এক অন্যতম অনুষ্ঠান । বিশেষকৈ যুৱকসকল ভেলাঘৰ সজাত ব্যস্ত হৈ পৰে। মেজিৰ বাবে প্ৰয়োজনীয় সামগ্রীবোৰ হ'ল- কেকো বাঁহ, জাতি বাঁহ,তাৰে বাঁহ বিজুলী বাঁহ,শুকান কলপাত, ধান খেৰ আদি। মেজবোৰ সাজোতে এটি পৰিয়ালৰ লগত তুলনা কৰা হয়। অৰ্থাৎ ল'ৰা-ছোৱালী সদৃশ সৰু সৰু মেজিৰ লগতে অলপ ডাঙৰ সৰুকৈ মেজি সজা হয় । একেবাৰে ডাঙৰটোৱেই হ'ল -ৰজা(ভীষ্ম) ।এই ধৰণে সজা মেজিবোৰ লাটুমৰ দৰে ওপৰলৈ ক্ৰমান্বয়ে সৰু । আৰু এটি বিশেষত্ব হ'ল- মেজিটোত কেইডালমান বাঁহ ওপৰলে ওলাই থাকিব দিয়া হয়। কাৰণ এইকেইডাল বাঁহৰ পৰাই আগলি অংশ কাটি তাৰ পৰা বিশেষকৈ তিনি টুকুৰা একেলগে বাঁহৰ দৈৰে বান্ধি লোৱা হয় আৰু তাক গৰুৰ গাত ফোট দিয়াত ব্যৱহাৰ কৰা হয়।
ছয়গাঁও অঞ্চলৰ মেজি :
ছয়গাঁও অঞ্চলৰ মেজি সজোৱা প্ৰণালী অইনঅঞ্চলতকৈ অলপ পৃথক। ইয়াত প্ৰায় ৮ফুট মান অন্তৰত বৰ্গাকৃতিত চাৰিটা গাত খান্দি প্ৰায় ৯-১০ফুট মান ওখকৈ চাৰিটা বাঁহৰ খুটি পুতি দিয়া হয়। বৰ্গক্ষেত্ৰটোৰ ঠিক মাজতে একে ধৰণে পুতি দিয়া হয়।।গাতবোৰ প্ৰায়৩/৪ ফুটমান দকৈ খন্দা হয়। ৯-১০ফুট মানৰ বাঁহৰ টুকুৰা বোৰ প্ৰায়৩/৪ফুট গাঁতত পুতি দিয়াৰ পাছত প্ৰায় ছয় ফুটমান. ওলাই তাতেই ঠিয়কৈ পথালিকৈ বাঁহ বান্ধি এখন বাঁহৰ চাঙ তৈয়াৰ কৰা হয় । বাঁহৰ চাঙৰ ওপৰত থকা মানুহজনক তলত থকা কেইজনে খেৰ ,নৰা যোগান ধৰে। মানুহজনে সুন্দৰভাৱে খেৰ/নৰাবোৰ থিক থাক কৰি দিয়ে । ইয়াৰ মাজে মাজে শুকান কলপাত বা তামোল গছৰ ঢকুনা জাপি গৈ গৈ ওপৰত আটাই- কেইডাল বাঁহ লগ লগায়। বাঁহ কেইডাল লগ লগোৱাৰ পাছত বাঁহৰ তোঙালেৰে বান্ধি দিয়া হয় । মাজৰ বাঁহডাল কিছু দীঘলকৈ ৰখা হয় । কেউডাল বাঁহতে সৰুকৈ এখন বাঁহৰে তৈয়াৰী ধনু কাঁড় সহ লগোৱা হয়। শেষত কাঁড়ডালৰ মূৰত এটি ফুল লগোৱা এনেদৰে দক্ষিণ কামৰূপৰ ছয়গাঁও অঞ্চলৰ মেজি সজা হয় ।
ৰেজাল তাৰা
কিছু কিছু গাঁৱত ৰেজাল তাৰা নামৰ এবিধ. ভেলাঘৰ তৈয়াৰ কৰা হয় । ৰেজাল তাৰাৰ বিষয়ে সঠিক জনা নাযায় ।এডাল বাঁহত আগটো কট-লিয়াই নিদিয়াকৈ খেৰ বা নৰা বান্ধি লৈ বাঁহডাল পুতি দিয়া হয় । বাঁহডালৰ আগৰ জেকনিবোৰ ত ফুল আৰি দিয়া হয়।
হাজো অঞ্চলৰ মেজি:
পথাৰৰ লখিমী ভঁৰাললৈ আদৰি অনাৰ পাছত মনৰ উলাহৰ মাজতে ভোগালী বিহুৰ মাধুৰ্যতা। সংস্কৃত 'মেধ 'বা 'মেধ্য' শব্দৰ পৰা অহা মেজিৰ মাজতে আছে মাঘ বিহুৰ অনাবিল আনন্দৰ প্ৰাচুৰ্য্। মেজি নিৰ্মাণৰ লগত জড়িত গাঁৱৰ ডেকা গৰখীয়াসকল। ঐতিহ্যমণ্ডিত কামৰূপৰ হাজো অঞ্চলটো ৰাতি ৰাতি গৰখীয়াই লগ হৈ নাৰনি থকা পথাৰৰ পৰা নৰাবোৰ মেৰিয়াই গাৰুৰ আকৃতি কৰি পাঁচ ছয়ডালমান হুলামাৰিৰে কান্ধ-পাতি মেজি সজা ঠাইলৈ অনা হয়। এনেকৈ নৰা টনা অভিযান কেইবাদিনো চলি উৰুকাৰ কেইদিনমান আগৰে পৰা আৰম্ভ মেজি সজা পৰ্ব। ৰাইজৰ পৰা খুজি অনা বাঁহৰ ওখ আৰু মজবুত বাঁহ এডাল মাটিত পুতি ,তাক কেন্দ্র কৰি কেইবাডালো বাঁহ পোতা হয় যাতে সি মঠৰ আকৃতিবা ৰূপ লয়।তাৰ পাছত মেজিৰ সজ্জা টোৰ ভিতৰত থুপাই থোৱা নৰাবোৰ সুন্দৰভাৱে একেবাৰে ওপৰলৈ জাপি গৈ থোৱা হয়। শেষত ওখ বাঁহডালৰ পৰা নৰাৰ লোৰা কৰি ওপৰৰ পৰা তললৈ এনেদৰে দিয়া হয় যাতে মেজটোৰ বাঁহবোৰ দেখা নাযায় আৰু দেখিবলৈ মঠৰ দৰে সুন্দৰ হয়।ওখ বাঁহডালৰ অংশত বাঁহৰ জেং থকা আগলি এটা দিয়া হয় ।হাজোৰ বিভিন্ন অঞ্চলত বৰ মেজি, মাজু মেজিআৰু সৰু মেজি আদি নামকৰণ কৰা হয় ।এনেদৰেই হাজো অঞ্চলত পৰম্পৰাগত ভাবে মেজি সজা হয় ।
কমলপুৰ অঞ্চলৰ মেজি:
কমলপুৰ অঞ্চলত ভোগালী বিহুৰ কিছুদিন পৃৰ্বৰে পৰা থলুৱা ৰাইজে একত্রিত হৈ বিহুৰ প্ৰস্তুতি চলাই মেজি বা ভেলাঘৰৰ বাবে নৰাৰ লেটি পকাই বিহুৰ ৪-৫ দিন আগলৈ লেটিবোৰ শুকাবলৈ দিয়া হয় । খেলৰ আদহীয়া ডেকাসকলে ৰং-ধেমালিৰে লেটিবোৰ নিৰ্ধাৰিত স্থানলৈ কঢ়িয়াই আনি মেজি সজাত ব্যস্ত হয় । ভেলাঘৰ বা মেজি বাঁহ,কলচোচনী,নৰা আদিৰে নিৰ্মাণ কৰা হয় । আজি কালি দুই এঠাইত বাঁহৰ নৰাৰে কিছু ঐতিহ্যপূর্ণ জীৱ-জন্তু, চৰাই চিৰিকটি,অট্টালিকা সদৃশ মেজিও সাজে। কমলপুৰ অঞ্চলতো লোককথা ,কিংবদন্তি মতে মেজি তিনিটা সজা হয় -বুঢ়া,বুঢ়ী আৰু পুতেক। প্ৰবাদ আছে হেনো বুঢ়াৰ নাম হেনো ভেলা,সেয়ে মেজিক ভেলাঘৰ বোলা হয়।
কৰৰা অঞ্চলৰ মেজি:
কামৰূপৰ ঠাই বিশেষে মেজি সজোৱাৰ ধৰণ বেলেগ বেলেগ ।কামৰূপ জিলাৰ উত্তৰ কামৰূপ অঞ্চলত বাঁহ আৰু কলপাতেৰে মেজি সজোৱা হয় ।চুবুৰীৰ প্ৰত্যেক ঘৰৰ পৰা এডাল/দুডালকৈ বাঁহ সংগ্ৰহ কৰি প্ৰায় ২০/২৫ ডাল বাঁহৰ আগলিৰ পৰা জোখ কৰি ৩০ফুট দীঘল কৰি কাটিলৈ মাটিত পুতি মেজিৰ আকৃতি তৈয়াৰ কৰা হয় ।তাৰ পিছত বাঁহৰ দীঘল কামি তৈয়াৰ কৰি মেজিৰ চাৰিওফালে পঠালিকৈ গাঠি দিয়া হয় ।তাৰ পিছত শুকান কলপাতেৰে তলৰ পৰা ওপৰলৈ ক্ৰমান্বয়ে গুঠি দিয়া হয় । এনেদৰে সাজি উলিওৱা মেজিটোক থলুৱা ভাষাত 'মঠ'বুলি কোৱা হয়।
দক্ষিণ কামৰূপৰ মেজি:
দক্ষিণ কামৰূপৰ ৰাণী, বৰিহাট, বৰদুৱাৰ বাগান,শিকাৰহাটী অঞ্চলত শাক্ত আৰু মহাপুৰুষীয়া ধৰ্ম অনুসৰি মেজি সজাৰ নিয়ম সামান্য পৃথক । এই অঞ্চলত প্ৰধানতঃ শুকান কলপাত, ধানখেৰ ,নৰা, বিৰিণা আদিৰে সজা হয় ।মেজি সাজোতে গোটা ,কেচা বাঁহ, কামী আদিৰ প্ৰয়োজন হয়। দক্ষিণ কামৰূপ অঞ্চলৰ প্ৰায় খিনি গাঁৱতে মেজি দৌলৰ আকৃতিত সজা হয়।প্ৰতিখন গাঁৱতে তিনিটাকৈ মেজি সজা হয় । মেজি সাজোতে প্ৰথমে মূল বাঁহটো ঠিয়কৈ পুতি তাক কেন্দ্র কৰি তাৰপৰা চাৰি-পাঁচ ফুট নিলগৰ সমান দূৰত্বত চাৰিটা খুটাৰে এখন বৰ্গাকাৰ চাং সাজি লোৱা হয় । প্ৰতি খুটাৰ লগত একোটাকৈ দীঘল বাঁহ পুতি দিয়া হয় আৰু চাৰিওটা বাঁহৰ আগ অংশ বাঁহটোৰ লগত সংযোগ কৰি দিয়া হয় যাতে আকৃতিটো দৌলৰ দৰে হয়। পিছত চাঙৰ ওপৰত ধানখেৰ বা নৰা জাপি. দিয়া হয়। মুধচ অংশত শুকান কলপাতৰ চোঁচনি লগলগাই আটি বন্ধা হয় । ঠাই বিশেষে মূল বাঁহটোত আগলি অংশটো আকাশৰ মুৱাকৈনকটাকৈ ৰাখে।কিছুমান গাঁৱত আগলি নাৰাখি মুধছত ধনু-কাঁড় আকাশৰ মুৱাকৈ গাঠি দিয়ে। দক্ষিণ কামৰূপৰ প্ৰায়বোৰ গাঁৱতে তিনিটাকৈ মেজি সজা হয় । এটা ডাঙৰকৈ সজা হয় -যিটোক বুঢ়া বুলি কোৱা হয় ,তাতকৈ সৰুটোক বুঢ়ী বুলি কোৱা হয় ,তাতকৈ সৰুটোক ডেকাচানা বুলি কোৱা হয় । দক্ষিণ কামৰূপৰ বৰদুৱাৰ অঞ্চলত এডাল বাঁহপুতি তাৰ গাত ওপৰৰ পৰা কল চোঁচনি বান্ধি তললৈ নামি অহাকৈ সজা মেজিটোক লাৰু খেৰ মেজি বুলি কোৱা হয় ।দক্ষিণ কামৰূপৰ শিকাৰহাটী গাঁৱত সত্ৰৰ বৰ গৰখীয়া জনে তেখেতৰ নেতৃত্বত ঘৰে ঘৰে বাঁহ সংগ্ৰহ কৰি বৃহৎ আকাৰৰ মেজি সাজে ।
ৰঙিয়া অঞ্চলৰ মেজি :
হাজো, শুৱালকুছি ৰঙিয়া আদিকে ধৰি উত্তৰ অঞ্চলৰ মেজিৰ গঠন শৈলী অলপ পৃথক । এইবোৰ অঞ্চলতো মূল বাঁহবাঁহডাল (মাজৰ বাঁহ) ভালদৰে পুতিলৈ বাঁহডালক কেন্দ্র কৰি বাঁহডালৰ পৰা তিনি ,চাৰি হাত ব্যসাৰ্ধলৈ(এইটো অৱশ্যে বাঁহৰ আগবোৰৰ দৈৰ্ঘ্যৰ ওপৰত নির্ভৰশীল) মূল বাঁহৰ চাৰিওফালে যিমান সম্ভৱ ঘনকৈ গাত খান্দি বাঁহৰ আগবোৰ বাহিৰ ফালে হাউলিথকাকৈ খন্দা গাতক কিছুমানে 'শিয়াল গাত' বুলিও কয়। তাৰ পাছত টঙালৰ গাঠি দিয়াত পাকৈত এজন বা দুজন মূল বাঁহত উঠি গৈ তলত থকা সকলে আগবঢ়াই দিয়া. বাঁহৰ আগবোৰ মাজৰ বাঁহডালৰ এনে এটা স্থানত বান্ধি দিয়ে যি স্থানত বাঁহৰ আগটো বান্ধিলে মেজটোৱে এটা ধেনুভিৰীয়া ভাজলৈ সুন্দৰ দৌলৰ আকৃতি লয়। কাষৰ বাঁহবোৰ ভালদৰে যুটি দিয়াৰ পাছত বাঁহবোৰৰ চাৰিওফালে বাঁহৰ কামি ভালদৰে বান্ধি লয়। কামিৰ মাজৰ দূৰত্ব কলপাত বা নৰাৰ ওপৰত নিৰ্ভৰ কৰে ।কলপাতৰ মেজি হ'লেবাঁহৰ কামিৰ মাজৰ দূৰত্ব তিনি, চাৰি ফুটমান আনহাতে নৰাৰ মেজি কৰিলে কামিৰ মাজৰ দূৰত্ব প্ৰায় ২ ফুটমান কৰা দেখা যায় ।অৱশ্যে সেইটো নিৰ্ভৰ কৰে নৰাৰ দৈৰ্ঘ্যৰ ওপৰত । মেজি তৈয়াৰ কৰিবলৈ সাধাৰণতে ডেকাবোৰে পথাৰখনৰ একেবাৰে ওখ নৰাবোৰ সংগ্ৰহ কৰে । কামবোৰত ভালদৰে ওলমা গাঠি দি লোৱা হয় যাতে কামিত উঠিলেও কামি ছিঙি নপৰে । তাৰ পিছত কামিবোৰ কলপাত বা নৰা বান্ধি (সুতি) ওলমাই বান্ধি যায় মেজিটোৰ একেবাৰে ওপৰত যাতে মুধচৰে ফুটা নাথাকে, তাৰ বাবে সৰহকৈ নৰা জাঙি দিয়া হয় যাতে মেজি এটা সুন্দৰ আকৃতি লয়।বিহুৰ উৰুকালৈ এদিন বা দুদিন থাকোঁতেই মেজিৰ কাম প্ৰায় সম্পূর্ণ কৰে।মেজিৰ মুধচৰ ওপৰত মেজিটো ধুনীয়া দেখাবলৈ বাঁহৰ ধনু সাজি ধনুখনত ফুলৰ মালা আৰি ধনুকাঁড়ডালত এটা কলডিল (কলফুল) দিয়ে। তাৰ পিছত মেজিটোৰ ওচৰত চাৰিওফালে ৰৈ যোৱা নৰাৰে সৰু সৰু মেজি সজা হয়-যিবোৰক কিছুমান ঠাইত পুজি বুলি কোৱা হয়। ধলপুৱাতে গয়া ৰাইজে গা পা ধুই -
'অগ্নি প্ৰজ্বলিতং বন্দে চতুৰৰ্ণং হুতাশনম্
সুৱৰ্ণ বৰ্ণমলং জ্যোতি ৰূপায়ে তে নম' :--
মন্ত্ৰ উচ্চাৰণ কৰি মেজিত অগ্নি সংযোগ কৰে। মেজ জ্বলাওতে ভক্তি সহকাৰে অগ্নি দেৱতালৈ নাৰিকল ,তামোল ,ঘি, তিল , মাহ ,চাউল,লাৰু পিঠা আদি নানাবিধ দ্ৰব্য অৰ্পণ কৰা হয় ।
উক্ত লেখাটি তলত উল্লেখ কৰা লেখক সকলৰ লেখাৰ ভিত্তিত যুগুত কৰা হ'ল:-
- ভূপন পাটোৱাৰী, হাজো
- হেমন্ত ডেকা,কৰৰা
- প্ৰমোদ নাৰায়ণ কোঁৱৰ, কমলপুৰ
- ভৱেশ দাস, ৰামপুৰ
- বিপুল ডাকোৱা ও লোহিত কুমাৰ দাস,ছয়গাঁও
- মুকেশ লহকৰ,ৰঙিয়া
-
হেমন্ত কুমাৰ কলিতা,দক্ষিণ কামৰূপ
শ্ৰদ্ধাৰে
ৰজত চন্দ্ৰ ভৰালী
প্রাক্তন উপ-সভাপতি
কামৰূপ জিলা সাহিত্য সভা
অলংকৰণ :- মনবীনী দাস